বঙাইগাঁওঃ ভাৰতৰপৰা ব্ৰহ্মপুত্ৰৰ সোঁতত জাকে জাকে গৰু বাংলাদেশলৈ উটুৱাই দি চলা চোৰাং সৰবৰাহৰপৰা আৰম্ভ কৰি সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে চুবুৰীয়া দেশখনলৈ গৰুৰ চোৰাং বেহা চলি থকাৰ সময়তে এনেধৰণৰেই আন এক ঘটনা পোহৰলৈ আহিছে।
স্থলপথেৰে গৰু চোৰাংকৈ বাংলাদেশলৈ চালান দিয়াৰ এক সন্দেহজনক ঘটনাৰ কথা জানিবলৈ পোৱা গৈছে। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত কাকৈজানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক এখনৰপৰা ওলাইছে চোৰাং গৰু। অতিকমেও ট্ৰাকখনত পোৱা গৈছে ২৫টা গৰু।