দুলীয়াজানঃ তিনিচুকীয়া জিলাৰ বাঘজানস্থিত ৫ নং তৈলক্ষেত্ৰত ১৪ দিন ধৰি তেল মিশ্ৰিত গেছ নিৰ্গত হৈ থকাৰ পিছত যোৱা মঙলবাৰে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিষেশ্বৰ গোহাঁই (৫৫) আৰু দুৰ্লভ গগৈ (৩৪) নামৰ দুজন অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ মৃত্যু হয়। ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজেষ্টাৰ কন্ট্ৰ’লৰ বিশেষজ্ঞৰ দলটোৱে পৰহি ক্ষেত্ৰ পৰিদৰ্শন কৰি গেছ প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দি আহিছিল। সেই অনুযায়ী উক্ত স্থানত অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ প্ৰায় ৬০ জন কৰ্মচাৰীৰ লগত কৰ্মৰত আছিল মৃত তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ।
অইল ইণ্ডিয়াই জনোৱা মতে বিস্ফোৰণ সংঘটিত হৈ প্ৰচণ্ড জুয়ে চৌপাশ আগুৰি ধৰাৰ লগে লগে উপস্থিত কৰ্মচাৰীসকল প্ৰাণৰ মমতাত যেনিয়ে-তেনিয়ে পলাই যায়। তাৰে তিনিজন কৰ্মচাৰীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ গৈ কূপস্থলীৰ কাষতে থকা এটা জলাশয়ৰ বুকুত জাপ দিয়ে। ইয়াৰে এজন কোনোমতে জলাশয়টোৰ বুকুৰ পৰা পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গধুৰ পোচাক পৰিহিত তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে পাৰলৈ উঠি আহিব নোৱাৰাত মৃত্যু হয়।