জয়পুৰঃ কৰ’না ভাইৰাছত আক্ৰান্ত লোকক সুস্থ কৰি তুলিব পাৰে বুলি দাবী কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ অনুমতি অবিহনেই বজাৰত কৰ’নিল নামৰ আয়ুৰ্বেদিক ঔষধ মুকলি কৰিছিল যোগগুৰু বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিয়ে। ইয়াৰ পিছতে বিষয়টোক লৈ দেশজুৰি সূত্ৰপাত হয় বিতৰ্কৰ। এনে বিতৰ্কৰ মাজতে শনিবাৰে যোগগুৰুগৰাকীৰ বিৰুদ্ধে ৰাজস্থানত দাখিল কৰা হৈছে এফআইআৰ।
ৰামদেৱৰ লগতে পতঞ্জলি আয়ুৰ্বেদৰ চিইঅ’ আচাৰ্য বালকৃষ্ণ, জয়পুৰৰ নেশ্যনেল ইনষ্টিটিউট অব মেডিকেল এণ্ড ৰিচাৰ্ছৰ সঞ্চালক বিএছ টোমৰ, তেওঁৰ পুত্ৰ অনুৰাগ টোমৰ আৰু জ্যেষ্ঠ বিজ্ঞানী অনুৰাগ ভাৰ্শ্বনেৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। জয়পুৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক গুপ্তাই জনোৱা মতে শনিবাৰে নগৰখনৰ জ্যোতিনগৰ থানাত ৰুজু হৈছে এই গোচৰ।