Home অন্যান্য খবৰঅসম আৰক্ষীত বৃহৎ সাল-সলনি

অসম আৰক্ষীত বৃহৎ সাল-সলনি

by News Desk
72 views
A+A-
Reset

গুৱাহাটীঃ  নতুন চৰকাৰে ৰাজ্যখনৰ শাসনভাৰ লোৱাৰ পিচতেই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। উল্লেখযোগ্য যে এইটো বছৰত অসম আৰক্ষীত এইটোৱেই বৃহৎ ৰদ-বদল৷ আজি ৰাজ্যখনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিৱ এম এছ মানিভান্নানে প্ৰকাশ কৰা এই ব্যাপক ৰদ-বদলৰ তালিকাখন তলত দিয়া হ’ল৷

ৰাজ্যৰ বহুকেইখন জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি কৰা হৈছে ৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাৱে বদলি কৰা হৈছে ৷ যোৰহাটৰ নতুন আৰক্ষী অধীক্ষক হ’ব অংকুৰ জৈন ৷ চিৰাঙৰ আৰক্ষী অধীক্ষক নিুক্তি দিয়া হৈছে আই পি এচ বিষয়া গৌৰৱ উপাধ্যায়ক৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক৷ হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ। বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাক দুৰ্নীতি নিবাৰকৰআৰক্ষী অধীক্ষক হিচাৱে নিযুক্তি ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি৷ নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ মাজুলীৰ আৰক্ষী অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি৷ গুৱাহাটীৰ অপৰাধ শাখাৰ ডিছিপি বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে চৰাইদেউৰ এছ মিশ্ৰক ৷ গুৱাহাটী পূব মণ্ডলৰ ডিছিপি হিচাপে নিযুক্ত শুভ্ৰজ্যোতি বৰা৷ গুৱাহাটীৰ অপৰাধ শাখাৰ ডিছিপি নিযুক্ত মোহনলাল মীনা ৷
শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি ৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক ৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি দেৱজিত দেউৰীক ৷ মাজুলীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি গৌতম বৰাক ৷ মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি ৷ বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি ৷ চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক ৰূপে বদলি৷ মাজুলীৰ পৰা লংনিট টেৰাঙক গুৱাহাটীৰ এ আই জি পি ৰূপে বদলি ৷ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি স্বপ্ননীল ডেকাক ৷ বঙাইগাঁৱৰ সুবোধ সোণোৱালক আৰক্ষী অধীক্ষক ৰূপে দক্ষিণ শালমৰালৈ বদলি ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক সপ্তম অসম পুলিচ বেচেলিয়ানলৈ বদলি ৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি কৰা হৈছে ৷ বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি ৷ দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি সুশান্ত বিশ্ব শৰ্মাক ৷ ওদালগুৰিৰ  আৰক্ষী অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰআৰক্ষী অধীক্ষক হিচাপে বদলি ৷ হামৰেণৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি অজাগৱৰান বসুমতাৰীক৷ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি৷ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0