47
কাজিৰঙাঃ শনিবাৰে পুৱা প্ৰায় ৪ মান বজাত গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখে আহি থকা অৱস্থাত AS-01CC-4589 নম্বৰৰ টয়টা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কাজিৰঙাৰ হালধিবাৰীৰ বুঢ়ীমাই মন্দিৰৰ সমীপৰ এজোপা গছত খুন্দা মাৰে।
আহতসকলক কাজিৰঙা চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। উল্লেখ্য যে আজি ডিগবৈৰ এখন বিহু সন্মিলনত গীত পৰিবেশনৰ বাবে অহা বৰ্ণালী দেৱী আৰু অংশুমান পল সেই টয়টা গাড়ীখনত আহিছিল।