গুৱাহাটীঃ কোভিডৰ লগত যুজি থকাৰ মাজতেই দেশবাসীলৈ আন এক দুঃখবৰ আহি আছে৷ উপকুলীয় ঘূৰ্ণিবতাহ “টোক্টী”য়ে দেশখনক ক্ষতিগ্ৰস্থ কৰাৰ সম্ভাৱনা দেখা গৈছে৷ ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কালি এখন উচ্চ পর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি ঘূর্ণীবতাহ টৌক্টীৰ ফলত ক্ষয়ক্ষতি হ’ব পৰা এলেকা সমুহৰ জনসাধাৰণক নিৰাপদ স্থানলৈ আঁতৰাই অনাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিয়ে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে, ঘূর্ণীবতাহ ঢৌক্টী ক্ৰমে তীব্ৰতৰ হৈ উঠিছে আৰু বতাহজাকে মঙলবাৰলৈ গুজৰাটৰ উপকূলভাগ স্পর্শ কৰাৰ সম্ভাৱনা আছে। বতাহজাক পোৰবন্দৰ আৰু নালিয়াৰ মাজেৰে গুজৰাটৰ উপকূল ভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে।