গোলাঘাটঃ সমগ্ৰ ভাৰতবৰ্ষৰ নিচিনাকৈ আমাৰ অসমতো ক’ভিড-১৯ অতিমাৰীয়ে ভয়ঙ্কৰ ৰূপ ধাৰন কৰিছে৷ ৰাজ্যখনত এতিয়ালৈকে তিনিলাখ ছব্বিশ হাজাৰ নশ ঊনআশী গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য আহিছে৷ যোৱাকালিলৈকে পাঁছহাজাৰ তিনিশ সাতছল্লিছ গৰাকী নতুন ব্যাক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ আছে আৰু এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা দুইহাজাৰ এশ তেইছ গৰাকী৷
আনহাতে অসম চৰকাৰে বৰ্দ্ধিত ক’ভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি কেতবোক নিয়ম বান্ধি দিয়াৰ পাছতো ক’ভিড-১৯ ৰ সংহাৰী ৰূপৰ প্ৰকোপ কমি অহা নাই৷ দিনৰ ১২ বজাৰ পিচত সান্ধ্যআইন, বিদ্যালয়-কাৰ্য্যালয় বন্ধ, যান-বাহনত যুগ্ম-অযুগ্ম নম্বৰৰ পদ্ধতি ব্যৱহাৰ কৰিও ৰাজ্যখনত যোৱা কেইটা দিনত ক’ভিড-১৯ ৰ বৃদ্ধি ৰোধ কৰিব পৰা নাই৷ দিনক দিনে আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে কিন্তু আক্ৰান্তৰ বিপৰীতে বহু সংখ্যক লোক ইতিমধ্যে সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি আহিছে ৷