গোলাঘাটঃ ক’ৰণা মহামাৰীৰ দ্বিতীয় ঢৌৰ কবলত এতিয়া সমগ্ৰ দেশ। এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰৰ নিৰ্দেশনা অনুসৰি সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। ইফালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহ অনুষ্ঠিত কৰা নকৰাক লৈ এক অনিশ্চয়তাৰ পৰিৱেশ।
এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰী সকলক কিছু বৌদ্ধিক কচৰৎ কৰাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে গোলাঘাটৰ কেইজনমান সুদক্ষ কুইজাৰৰ দ্বাৰা গঠিত ‘ইকুইনক্স’ নামৰ সংস্থাটোৱে অনুষ্ঠিত কৰিবলৈ লৈছে ‘ জ্ঞানমন্থন 2.0’ শীৰ্ষক এখনি অনলাইন প্ৰাইজমাণি কুইজ প্ৰতিযোগিতা। বিগত বৰ্ষত দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ সময়ত অনুষ্ঠিত কৰা হৈছিল ‘ জ্ঞানমন্থন 1.0′ অনলাইন কুইজ প্ৰতিযোগিতা আৰু এইবাৰ দ্বিতীয় বাৰৰ বাবে অহা ৩০ মে’ দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতা।