গোলাঘাটঃ ক’ৰণা অতিমাৰীৰ দ্বিতীয় ঢৌৰ কবলত এতিয়া সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য। কিন্তু প্ৰথমবাৰৰ দৰে এইবাৰো ফ্ৰণ্টলাইন ক’ভিড যোদ্ধা সকলে নিজৰ দায়িত্ব পালনত অলপো হেমাহি প্ৰদৰ্শন কৰা নাই। চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদন কৰিবলগা হৈছে এজন ক’ভিড যোদ্ধাই।উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰ্তব্যত কোনো ধৰনৰ গাফিলতি নকৰাকৈ নিষ্ঠাসহকাৰে স্বাস্থ্য কেন্দ্ৰত নিজৰ দায়িত্ব সম্পাদন কৰি অৱশেষত যোৱা ২৩মে’ত ক’ভিডত আক্ৰান্ত হৈ খুমটাই ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে বি.পি.এম.সঞ্জুমনি বৰা।