গোলাঘাটঃ সম্প্ৰতি ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ধৰ্মীয় পীঠস্থান অথবা ৰাজহুৱা উপাসনা স্থলীসমূহ বন্ধ হৈ আছে। এনে স্থলীসমূহলৈ এতিয়া ভক্তপ্ৰাণ ৰাইজ আহিব পৰা নাই ।
গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ ঐতিহ্য মণ্ডিত নেঘেৰিটিং শিৱ মন্দিৰ এনে এক ধৰ্মীয় পীঠস্থান য’ত দৈনিক কেইবা শতাধিক লোকৰ সমাগম ঘটা দেখা যায়। নেঘেৰিটিং শিৱ মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ চৌপাশে বিচৰণ কৰি ফুৰা অগণন কপিকূল। কিন্তু বৰ্তমান ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই নেঘেৰিটিং শিৱ মন্দিৰলৈও কোনো আহিব পৰা নাই। ফলত ইয়াৰ আশে পাশে বিচৰণ কৰি ফুৰা বান্দৰৰ জাকসমূহ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা দেখা গৈছে কিয়নো এই কপিকূলে মন্দিৰ কৰ্তৃপক্ষ আৰু ইয়ালৈ অহা ভক্তই আগবঢ়োৱা প্ৰসাদৰ ওপৰতেই নিৰ্ভৰ কৰি চলি আহিছে। কিন্তু এতিয়া যেন সকলো ওলট পালট হৈ গ’ল।