Home অন্যান্য খবৰকাৰো বাপেকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে ৰামদেৱক

কাৰো বাপেকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে ৰামদেৱক

by News Desk
64 views
A+A-
Reset

গুৱাহাটীঃ কোভিড অতিমাৰীৰ সংহাৰ ৰূপ ধাৰণ কৰাৰ এই সময়ত ভাৰতবৰ্ষত বেছ চৰ্চা লাভ কৰা এটি বিষয় হৈছে ৰামদেৱ আৰু এলোপেথি চিকিৎসা পদ্ধতি৷ কিছুদিন পূৰ্বে স্বয়ম্ভু যোগগুৰু ৰামদেৱে এল’পেথিকক ‘ষ্টুপিড ছায়েন্স’ বুলি অভিহিত কৰিছিল। যাৰ ফলত সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰামদেৱৰ ওপৰত উত্তৰাখণ্ডৰ ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ IMA ৰুজু কৰিছিল এহেজাৰ কোটিটকীয়া মানহানিৰ গোচৰ। লগতে তেখেতক ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধি দিছিল৷ ক’ৰোনাৰ যোদ্ধা চিকিৎসকসকলক কৰা এই অপমানৰ বাবে অনেকে ৰামদেৱক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল। আনকি টুইটাৰতো এৰেষ্ট বাবা ৰামদেৱে,প্ৰৱঞ্চক ৰামদেৱ, ট্ৰেণ্ড কৰিছিল। আজি ইয়াৰ প্ৰত্যুত্তৰ দিলে বাবা ৰামদেৱে। সাংবাদিকৰ আগত বুধবাৰে ৰামদেৱে কয় যে কাৰো বাপেকেও তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আমি এনে টুইটাৰ ট্ৰেণ্ডবোৰতকৈ সদায়েই শীৰ্ষত থাকিম বুলিহে তুলুঙা মন্তব্য কৰে ৰামদেৱে৷ উল্লেখযোগ্য যে ২০১১ চনত এই একেগৰাকী ব্যক্তিয়েই কিন্তু দিল্লী আৰক্ষীৰ গ্ৰেপ্তাৰৰ ভয়ত ৰামলীলা পথাৰৰ এখন প্ৰতিবাদী সভাৰ পৰা মহিলাৰ পোছাক পিন্ধি পলায়ন কৰিছিল। 

উল্লেখযোগ্য যে বিজেপিৰ ঘনিষ্ঠ হোৱাৰ সুবাদত ২০১৪ চনৰ পিছত উত্থান হৈছিল ৰামদেৱৰ অংশীদাৰীত্ব থকা পতঞ্জলিৰ ব্যৱসায়ৰ৷ প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদক লৈ কৰা ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিলেওঁ ৰামদেৱে ২০১৯ চনত পতঞ্জলিৰ প্ৰতিস্থাপক তথা সহযোগী বালকৃষ্ণনক চিকিৎসাৰ বাবে হৃষিকেশত অৱস্থিত AIIMS ত ভৰ্তি কৰাব লগা হৈছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0