News Next one প্ৰতিবেদন , ৭ জুলাইঃ- বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ক্ষমাবাৰী আৰু মাউৰীয়াপুৰত ৰাইজৰ বহুদিনীয়া আশা পুৰণ হ’ল ৷ উন্নয়নে ঢুকি নোপোৱা এই গাওঁ দুখনত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিদ্যুৎ সংযোগৰ স্বয়ংক্ৰিয় বিদ্যুতচালিত যন্ত্ৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে ৷
উল্লেখ্য যে ছেলাইখাতি পঞ্চায়তৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তত থকা ৰাইজে বহুদিন ধৰি বিদ্যুত সেৱাৰ পৰা বঞ্চিত হৈ আছিল ৷ সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন নিবেদন কৰি অৱশেষত বিধায়ক গৰাকীৰ সহযোগত ৰাইজৰ মনোবাঞ্ছা পুৰণ হয় ৷