গোলাঘাট, ১২ জুলাই : গোলাঘাটৰ কেইজনমান উদ্যমী আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা গঠিত ফাৰ্ষ্ট ফাইভ এণ্ড লজিকেল মাইণ্ড নামৰ সংস্থাটোৰ উদ্যোগত অহা ১৪ জুলাইত অভিনয়, মডেলিং আৰু চলচ্চিত্ৰ নিৰ্মাণ বিষয়কেইটাক কিদৰে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব পাৰি সেই বিষয়ে আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলক কিছু আভাস প্ৰদান কৰাৰ উদ্দেশ্যে এখন ৱেবিনাৰ আয়োজন কৰা হৈছে।
উক্ত ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰিব বিশিষ্ট চিত্ৰনাট্যকাৰ তথা পৰিচালক, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লী আৰু পুনে চহৰৰ এফ টি আই আই ৰ প্ৰশিক্ষণপ্ৰাপ্ত অসমৰ সুসন্তান নয়নমণি শইকীয়াই। ১৪ জুলাই বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত কৰিবলৈ লোৱা এই অনলাইন মত বিনিময় অনুষ্ঠানৰ আঁত ধৰিব ড০ দেৱজিৎ বৰুৱা আৰু সমীৰজ্যোতি মেধিয়ে।