Home অন্যান্য খবৰগোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানলৈ ৰাইজৰ ব্যাপক সঁহাৰি

গোলাঘাট জিলাত মেগা ভেকচিনেছন অভিযানলৈ ৰাইজৰ ব্যাপক সঁহাৰি

by News Desk
77 views
A+A-
Reset

গোলাঘাট : গোলাঘাট জিলাত যোৱা কালি ক’ভিড19ৰ ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । এটা দিনত এই অভিলেখ পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰা গোলাঘাট জিলা ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ জিলাত একেদিনাই ২৭,৮০০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।
গোলাঘাট জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে যোৱা কালি প্ৰায় ৩০ হাজাৰ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । সেই অনুসৰি যোৱা কালি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা ৯৪ টা কেন্দ্ৰত বিভিন্ন বয়সৰ লোকক ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । যোৱা কালি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ ভিতৰত ভালেমান কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হৈছিল । সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ লোকক চৰ্তহীনভাৱে যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।
জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে । যোৱা কালি হৈ যোৱা মেগা ভেকচিনেছন অভিযানত গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বোকাখাত আৰু নুমলীগড়ৰ বিভিন্ন প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0