News Next One – ৰাজ্যৰ উচ্চ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰী সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু উপ সভাপতি বিতোপন গগৈয়ে কয় যে চৰকাৰে নিৰ্বাচনৰ বাবে পৰীক্ষা সমূহ পিছুৱাই নিদি সময়ত অনুষ্ঠিত কৰা হ’লে যোৱা প্ৰায় ছমাহে পৰীক্ষাক লৈ চলি থকা অচলাৱস্থা, বেমেজালি, কেলেংকাৰীৰ সৃষ্টি নহ’লহেঁতেন।
ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজলৈ এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাক ঠেলি দি বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰি সেই দায়িত্বও চৰকাৰখনে সুকলমে পালন কৰিব পৰা নাই ৷ শিক্ষক, অধ্যক্ষ, জিলা শিক্ষা বিষয়াৰ পৰা ছেবাৰ কৰ্মচাৰীলৈকে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ধনৰ বিনিময়ত অধিক নম্বৰ প্ৰদানৰ অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা পোহৰলৈ অহা কাৰ্যই চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণিত কৰিছে ৷