Home অন্যান্য খবৰমিজোৰাম আৰক্ষীৰ গুলীত নিহত ৬ জন অসম আৰক্ষীৰ জোৱান আৰু বিষয়া

মিজোৰাম আৰক্ষীৰ গুলীত নিহত ৬ জন অসম আৰক্ষীৰ জোৱান আৰু বিষয়া

by News Desk
68 views
A+A-
Reset

ডিজিটেল ডেস্ক : অশান্ত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চলৰ গুলীয়া-গুলীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।অসমৰ ভূমিৰ পৰা দুষ্কৃতিকাৰীক খেদি পঠাবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত মিজোৰাম আৰক্ষী আৰুৰ মিজো দুষ্কৃতিকাৰীৰ দলে নিৰ্বিচাৰে কৰা গুলীচালনাৰ ফলত ৬ জনকৈ আৰক্ষীৰ জোৱান আৰু বিষয়া নিহত হোৱাৰ লগতে আন প্ৰায় ৭০ জন আৰক্ষী আৰু গুৰুতৰ ভাৱে আহত হয়।উক্ত ঘটনাত আহত হয় কাচাৰ জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক।জিলা আৰক্ষী অধীক্ষক বৰ্তমান আই চি ইউ ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।প্ৰায় ৫০ জন জোৱানক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।সীমা বিবাদে বাৰে বাৰে অসম আৰক্ষীক সমস্যাত পেলাই থকাৰ মাজতে এই ঘটনাই সীমান্তৰ পৰিবেশ অধিক অবনতি কৰিছে৷প্ৰায় আধাঘণ্টা সময় গুলীচালনা কৰে মিজো আৰক্ষীয়ে।আদেশ নোপোৱাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিব নোৱাৰিলে।কন্দুৱা গেছেৰেই পৰিস্থিতি মোকাবিলা কৰিব লগা হোৱা বাবেই অসম আৰক্ষীৰ যথেষ্ট লোক হতাহত হব লগা হয়।ঘটনা সম্পৰ্কত মূখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পিযুষ হাজৰিকাই ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওঁনা হৈছে।

পূৰ্বৰে পৰা চলি থকা এই সীমা বিবাদে ভয়াৱহ ৰূপ লয় যেতিয়া মিজোৰামৰ কিছু লোকে মিজোৰামৰ সীমা পাৰ হৈ কাচাৰ জিলাত প্ৰৱেশ কৰিছিল৷এই লোকসকলক খেদি পঠিয়াবলৈ অসম আৰক্ষীৰ এটি দল সীমান্ত অঞ্চলত উপস্থিত হৈছিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত৷হঠাৎ মিজোৰামৰ পৰা অহা এটি প্ৰায় ১০০ জনীয়া দুষ্কৃতিকাৰীৰ দলে হাতে হাতে লাঠি,জোং লৈ উপস্থিত হয় আৰু আক্ৰমণ চলায়৷লণ্ড-ভণ্ড কৰে অসম আৰক্ষীৰ বাহন৷উপায়ুক্তৰ গাড়ীলৈ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে৷এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰে উপায়ুক্তই৷৷মিজো দুষ্কৃতিকাৰীৰ গুলীচালনাত অসম আৰক্ষীৰ ৬ জন জোৱান ছহিদ হোৱাৰ লগতে প্ৰায় ৭০ গৰাকী জোৱান আৰু কিছু সংখ্যক স্থানীয় লোক আহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0