দ্বাদশ শ্ৰেণীৰ সর্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে অসমৰ...

Home অন্যান্য খবৰদ্বাদশ শ্ৰেণীৰ সর্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে অসমৰ মেধাৱী ছাত্রী অস্মিতা কাকতিয়ে…

দ্বাদশ শ্ৰেণীৰ সর্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে অসমৰ মেধাৱী ছাত্রী অস্মিতা কাকতিয়ে…

by News Desk
76 views
A+A-
Reset

গুৱাহাটীঃCouncil for Indian School for Certificate Examinations (CISCE)ৰ দ্বাৰা পৰিচালিত পাঠ্যক্রমৰ সদ্যঘোষিত ICSE দ্বাদশ শ্রেণীৰ  ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে কলা শাখাত দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি সমগ্ৰ জিলা খনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷

বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতির্ময় কাকতি আৰু নৱনীতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপৰাৰ অসম ভেলী স্কুলৰ পৰা আই চি এছ ই পাঠ্যক্রমৰ দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাত ‘হিউমেনিটী’ শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্রথম স্থান লাভ কৰাটো গৌৰৱৰ বিষয় বুলি বিবেচিত হৈছে৷ অস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৮নম্বৰ লাভ কৰি এই সফলতা অর্জন কৰিছে৷ উল্লেখযোগ্য যে অস্মিতাই মেট্ৰিক পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা কৰা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্র–ছাত্রীৰ দৰে ৮–৯ ঘণ্টা ধৰি পঢ়া নাছিল৷ অস্মিতাই মাত্র ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগেৰে পঢ়িছিল আৰু এনে সাফল্য লাভ কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0