Home অন্যান্য খবৰটকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ ইতিহাসঃছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দল

টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ ইতিহাসঃছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দল

by News Desk
64 views
A+A-
Reset

টকিঅ’ : টকিঅ’ অলিম্পিকত ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে৷পুৰুষ দলে ৪১ বছৰ পিছত অলিম্পিকৰ ছেমিফাইনেলত পদাৰ্পণ কৰাৰ এদিন পিছত আজি যেন মহিলা হকী দলে”চক দে ইণ্ডিয়া”উপহাৰ দিলে প্ৰতিগৰাকী ভাৰতীয়ক৷শক্তিশালী প্ৰতিদণ্ডী,৪ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া দলক ১-০ গলত পৰাভূত কৰি প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ইতিহাসত ছেমিফাইনেলত প্ৰৱেশ কৰে৷ভাৰতীয় দলৰ হৈ একমাত্ৰ গ’লটো ২২ মিনিটত দিয়ে গুৰজিট কৌৰে৷অষ্ট্ৰেলিয়াই প্ৰত্যাক্ৰমণ কৰে যদিওঁ ভাৰতীয় খেলুৱৈয়ে গল কৰাৰ কোনো সুবিধাই নিদিলে৷

খেল শেষ হোৱাৰ পিছত অষ্ট্ৰেলিয়া দলৰ খেলুৱৱৈসকলক কান্দোনত ভাগি পৰা দেখা যায়৷তেওঁলোকে সপোনতো ভৱা নাছিল দুৰ্বল ভাৰতৰ লগত তেওঁলোকে পৰাজয় বৰণ কৰিব৷কিছুবছৰ পূৰ্বে শ্বাহৰূখ খান অভিনীত “চক দে ইণ্ডিয়া”ৰ যেন বাস্তৱ ৰূপান্তৰ হে খেলপথাৰত দেখিবলৈ পোৱা গ’ল আজি টকিঅ’ত৷এই বিজয়ৰ লগতে ভাৰতৰ অলিম্পিক পদকৰ সংখ্যা বঢ়াৰ আশা বঢ়াৰ লগতে সমগ্ৰ ভাৰত আনন্দত উৎসাহিত হৈ পৰে৷ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায় ভাৰতীয় কন্যাৰ এই সফলতাত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0