News Next One , বিশ্বনাথ চাৰিআলি , ৬ আগষ্ট ঃ বিশ্বনাথ চাৰিআলিৰ ASTC চৌহদত থকা হিন্দুস্তান পেট্ৰ’লিয়ামৰ ডিপুত ভেজাল তেল ভৰাই নষ্ট হৈ পৰিছে কেইবাখনো বাহনৰ ইঞ্জিন ৷ অভিযোগ অনুসৰি বিশ্বনাথ চাৰিআলিৰ পশু চিকিৎসক নিলোৎপল ভাগৱতীয়ে নিজৰ স্কৰপিঅ’ বাহনখনত HP ডিপুটোত তেল ভৰোৱাৰ পিছতেই ইঞ্জিণ বিকল হৈ পৰে ৷
ডেৰ মাহ পূৰ্বে ক্ৰয় কৰা বাহন খনৰ ইঞ্জিন বিকল হোৱাত মহিন্দ্ৰা কোম্পানীৰ লগত যোগাযোগ কৰে আৰু মহিন্দ্ৰাৰ কোম্পানীৰ কাৰিকৰী বিভাগৰ লোকে আহি গাড়ীখন তেজপুৰ স্থিত ডিলাৰলৈ নি পৰীক্ষা নিৰিক্ষা চলোৱাৰ অন্তত ওলাই পৰে আচল ৰহস্য ৷ ডিজেল ফিল্টাৰ আৰু টেংকিত জমা হৈ আছিল পানী আৰু অন্যান্য দ্ৰব্য ৷ পেট্ৰল পাম্পত তেল ভেজাল কৰাৰ বাবেই গাড়ীখন বিকল হৈ পৰিল বুলি গাড়ীৰ গৰাকী নিলোৎপল ভাগৱতীয়ে অভিযোগ কৰিছে ৷