ডিজিটেল ডেস্ক,১১আগষ্টঃ শিক্ষকতাৰ বাবে বৰ্তমান প্ৰয়োজনীয় বুলি মান্যতা পাই অহা ডি এল এড আৰু বি এড ডিগ্ৰীৰ বৈধতা সমাপ্ত হব শীঘ্ৰেই৷ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বিধানসভাত ঘোষণা কৰা মতে ২০৩০ চনৰ পিছত ৰাজ্যত নাথাকিব বি এড ডিগ্ৰীৰ বৈধতা। একেদৰে দুবছৰ পিছত ডি এল এডৰো স্বীকৃতি নাথাকিব। বিধানসভাত শিক্ষা বিভাগ সংক্ৰান্তীয় কৰ্তন প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে৷
মন্ত্ৰী পেগুৱে কয়, নতুন শিক্ষা নীতি অনুসৰি অসমত প্ৰযোজ্য হব সংহত চাৰিবছৰীয়া বি এড ডিগ্ৰী।এই সংহত বি এড ডিগ্ৰী গ্ৰহণ কৰা সকলেহে কাৰ্যনিৰ্বাহ কৰিব পাৰিব প্ৰয়োজনীয় শিক্ষকতাৰ পদবীত। লগতে তেওঁ কয় যে ৰাজ্যৰ ৬৮খন মহাবিদ্যালয়ত সংহত বি এড ডিগ্ৰীৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।