Home অন্যান্য খবৰকৰোনাৰ তৃতীয় ঢৌৰ আগজাননী,৫ দিনত ২৪২ গৰাকী শিশু কৰোনাক্ৰান্ত

কৰোনাৰ তৃতীয় ঢৌৰ আগজাননী,৫ দিনত ২৪২ গৰাকী শিশু কৰোনাক্ৰান্ত

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্ক,১১ আগষ্টঃ কৰোনাৰ ভয়াৱহাতাৰ দিশে পুনৰ আগবাঢ়িছে দেশ৷আশংকা কৰামতেই তৃতীয় ঢৌৰ পৰিৱেশৰ সূচনা হবলৈ যেন আগবাঢ়িছে দুখনমান ৰাজ্য৷বিশেষকৈ কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত বিগত ৫ দিনত ২৪২ গৰাকী শিশু কাল কৰোনাত আক্ৰান্ত হোৱা ঘটনাই শংকিত কৰি তুলিছে সকলোকে। বৃহৎ বাংগালুৰু মহানগৰ পালিকাৰ তথ্যমতে বিগত ৫ দিনত ১৯ বছৰৰ তলৰ ২৪২ গৰাকীৰ দেহত ধৰা পৰিছে কৰোনাৰ ভাইৰাছ।

বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে কোৰোণাৰ তৃতীয় ঢৌৰ এয়া আৰম্ভণি৷ আক্ৰান্তসকলৰ ভিতৰত ১০৯ গৰাকীৰ বয়স ৯ বছৰৰ তলত আৰু ১৩৬ গৰাকীৰ বয়স ৯ৰ পৰা ১৯বছৰৰ ভিতৰত। কৰ্ণাটক স্বাস্থ্য বিভাগে সাৱধানবাণী দিছে যে আগন্তুক দিনত শিশুৰ আক্ৰান্তৰ হাৰ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগে লগেই কৰোনাৰ তৃতীয় ঢৌত শিশু অধিক আক্ৰান্ত হ’ব পাৰে বুলি কৰি থকা আশংকাও যেন সত্য প্ৰমাণিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0