মেঘালয়ৰ মূখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপঃপৰিস্থিতিৰ অধিক অৱনতি

Home অন্যান্য খবৰমেঘালয়ৰ মূখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপঃপৰিস্থিতিৰ অধিক অৱনতি

মেঘালয়ৰ মূখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপঃপৰিস্থিতিৰ অধিক অৱনতি

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেস্ক,১৬ আগষ্টঃ প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতি৷শুকুৰবাৰে পুৱতি নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউ৷এই সংঘৰ্ষক ভূৱা সংঘৰ্ষ বুলি থাংখিউৰ সমৰ্থকৰ উপদ্ৰৱত স্তব্ধ হৈ পৰিছে শ্বিলং তথা মেঘালয়ৰ পৰিস্থিতি৷সান্ধ্য আইন বলবৎ কৰাৰ লগতে ইণ্টাৰনেট সেৱা ব্যহত কৰাৰ পিছতো দিনক দিনে চুবুৰীয়া ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটিব আৰম্ভ কৰিছে। ৰাজ্যখনত ১৫আগষ্টৰ পৰা ১৭ আগষ্টৰ পুৱা ৫বজালৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা। ইফালে মেঘালয়ত সংঘটিত হোৱা কেইবাটাও বিক্ষিপ্ত ঘটনাৰ পাছতে পদত্যাগ কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে দেওবাৰে নিশা প্ৰায় ১০.১৫বজাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আপাৰ শ্বিলঙৰ থাৰ্ড মাইলস্থিত ব্যক্তিগত আৱাসলৈ কোনো দুৰ্বৃত্তই পেট্ৰল বোমা নিক্ষেপ কৰে। লুমডিংজ্ৰী থানা, মাওলাই থানা আৰু চি আৰ পি এফ কেম্পত শিলাবৰ্ষণ কৰাৰো খবৰ পোহৰলৈ আহিছে। উল্লেখযোগ্য যে প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে শ্বিলঙৰ পৰিস্থিতি। শুকুৰবাৰে পুৱতী নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউ। আনহাতে, শ্বিলঙৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু সান্ধ্য আইনৰ বাবে অসমৰ লোকক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে। ইতিমধ্যেই বহুতো অসমীয়া লোক শ্বিলং আৰু মেঘালয়ৰ অন্যান্য ঠাইত আৱদ্ধ হৈ আছে৷এই উত্তেজনাৰ মাজতেই দুৰ্বৃত্তই এজন ট্ৰাক চালকক হত্যা কৰিছে বুলিওঁ খবৰ আহিছে৷মূখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰে এই পৰিস্থিতি কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া হব লক্ষণীয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0