ডিজিটেল ডেস্ক,১৯ আগষ্টঃ পোনপ্ৰথমবাৰৰ বাবে নেচনেল ডিফেন্স একাডেমী (এন ডি এ)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ আজি এই শুনানিত এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহিবলৈ অনুমতি নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক কঠোৰ ভাষাত সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে৷অহা ৫ ছেপ্টেম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷ইয়াৰ লগে লগেই মহিলাসকলৰ বাবে ভাৰতীয় সেনাৰ উচ্চ পদবীত অংশগ্ৰহণৰ এক যুগান্তকাৰী পৰিঘটনাৰ আৰম্ভণি হ’ল৷
উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ ভূমিকাক এইক্ষেত্রত লিংগ বৈষম্য বুলিও সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে৷ এন ডি এ ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহাৰ অনুমতি দিয়া হোৱা নাই বুলি এক অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল দিল্লীৰ অধিবক্তা কুছ কালৰাই৷ আবেদনত অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছিল যে মাত্র লিংগৰ ভিত্তিত মহিলাসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ নিদিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত উলংঘা হৈছে ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৯ অনুচ্ছেদ৷