Home অন্যান্য খবৰনুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী,জব্দ কেবাহাজাৰ টকাৰ ড্ৰাগছ

নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী,জব্দ কেবাহাজাৰ টকাৰ ড্ৰাগছ

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্ক,১৯ আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ আৰক্ষীয়ে লাখ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । বাকী জিলাসমূহৰ লগতে নিষিদ্ধ ড্ৰাগছৰ বেহাত জড়িত সকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়েওঁ৷ ড্ৰাগছৰ বিৰুদ্ধে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিয়ে অসম আৰক্ষীক উৎসাহিত কৰিছে আৰু কঠোৰ অনুসন্ধান আৰু তালাচী চলাই আছে আৰক্ষীয়ে৷ বিগত সময়ত কেইবাটাও ড্ৰাগছৰ লগত জড়িত ক্রেতা-বিক্রেতাক গ্ৰেপ্তাৰ কৰা মহানগৰ আৰক্ষীয়ে বুধবাৰে নিশা চলোৱা অভিযানত পুনৰ গ্ৰেপ্তাৰ কৰে আন দুই সৰবৰাহকাৰীক । ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই নুনমাটি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত নুনমাটি, নিজৰাপাৰ অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে নিজৰাপাৰ অঞ্চলৰ বাসিন্দা মনোজ আলী আৰু ফিৰোজ আলী । অভিযান কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক লগত লৈ মহানগৰীৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহত জড়িত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে নুনমাটিৰ নিজৰাপাৰ অঞ্চল অপৰাধীৰ বিচৰণ ভুমিৰ দৰে হৈছে৷বিশেষকৈ এই অঞ্চলত ড্ৰাগছ আৰু নিচাজাতীয় বস্তুৰ সেৱন আৰু যোগানৰ এটি কেন্দ্ৰ গঢ় লৈ উঠাৰ দৰে হৈছে৷আৰক্ষীৰ সঠিক তদন্তইহে আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ দৰে এক ভয়ানক ব্যধিৰ পৰা ৰক্ষা কৰিব পাৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0