ডিজিটেল ডেস্কঃ ২১ আগষ্ট: সামাজিক মাধ্যমত দূৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানক মুকলিকৈ সমৰ্থন কৰি পোষ্ট দিয়া ১৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ৰাজ্যৰ ১০ খন জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তালিবানক সমৰ্থন কৰা এই ১৪ জন যুৱকক।
উচ্চ শিক্ষাৰে শিক্ষিত আৰু বিজ্ঞানৰ ছাত্ৰও জড়িত আছে এই আইন বিৰোধী কাৰ্যত৷তেওঁলোকৰ ভিতৰত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু দুজন মৌলানা। নাদিম আফতাৰ নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনৰ ঘৰ হৈছে হাইলাকান্দিত।