News Next One , বিশ্বনাথ চাৰিআলি , ২৩ আগষ্ট ঃ ভাৰতৰ সংবিধানত অষ্টম অনুসুচীত অন্তভুক্তিৰ পাছত ক্ৰমে ভাষা চৰ্চা , প্ৰচাৰ ,প্ৰসাৰ তথা শৈক্ষিক দিশত এলাগি হৈ পৰিছে চাওঁতালী ভাষা ৷অসমত প্ৰায় দহ লক্ষাধিক চাওঁতাল ভাষী লোকসকলে ভাষা চৰ্চাৰ বাবে বিশেষ চৰকাৰী আইনগত সুবিধা নথকাৰ বাবে এক প্ৰকাৰ চাওঁতালীভাষী লোক সকলে শৈক্ষিক ক্ষেত্ৰত শংকিত হৈ পৰা পৰিলক্ষিত হয় ৷
চাওঁতালী বিভিন্ন দল সংগঠনে একাধিকবাৰ চাওঁতালী নিজস্ব অল চিকি লিপিৰে ভাষা চৰ্চা আৰু প্ৰাক প্ৰাথমিক স্তৰত চাওঁতালী মাধ্যমৰ অলচিকি লিপিক অন্তভুক্তিৰে পাঠদানৰ দাবী উথথাপন কৰি অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে চাওঁতালীৰ বিভিন্ন দল সংগঠনে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক ক্ষোৰধাৰ সমালোচনা কৰি সদ্যগঠিত অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰাই কয় যে চাওঁতালী ভাষা অসমৰ বহুপুৰণি আৰু খিলঞ্জীয়া তথা সংবিধানৰ অষ্টম দফাৰ স্বীকৃত ভাষা ৷