ডিজিটেল ডেস্ক,২৬ আগষ্টঃ আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এই বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। ধেমাজীৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজ্যিক কেবিনেটে৷ এই ঘটনাক নিন্দা কৰাৰ লগতে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে৷
আনহাতে চলিত ২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ১ ছেপ্তেম্বৰৰপৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ একেসময়তে হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব চৰকাৰে৷ হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। এইবিষয়ে ৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ বিশেষ এছ অ’ পি।