News Next one , বিশ্বনাথ চাৰিআলি ২৭ আগষ্ট :- বিশ্বনাথ সমষ্টিত পুনৰ কংগ্ৰেছ দলৰ খহনীয়া অব্যাহত আছে । বিশ্বনাথ জিলা কংগ্রেছৰ সম্পাদক দীপক ডেকাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পাছত পুনৰ আজি প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছৰ বিভিন্ন বিষয় বাবত থকা লোকে বিজেপি দলত আনুষ্ঠানিক যোগদান কৰে ।
আশীৰ্বাদ ভৱনত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত সাকোমঠা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তৰুণ নাগ, চতিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনন্দ নাগ, চাহ মজদূৰ সংঘৰ উপসভাপতি আনন্দ মহালি, বামুনি পথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সুবিত্ৰ কৰাড, সম্পাদক দিলোৱাৰ আলী, বামুনি পথাৰ গাঁও পঞ্চায়তৰ সভানেত্রী অনিমা বেপি, পাভৈ টকীজৰ সম্পাদক নবীন দাস সহ ৫০ জনীয়া এটা দলে বিজেপিত যোগদান কৰে ।