Home অন্যান্য খবৰমহানগৰীৰ নৃশংস হত্যাকাণ্ড,১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাবে হত্যা

মহানগৰীৰ নৃশংস হত্যাকাণ্ড,১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাবে হত্যা

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্ক,১ চেপ্টেম্বৰঃ দিন দূপৰতে মহানগৰীৰ নিজ ঘৰতে প্ৰেচাৰ-কুকাৰ আৰু পটা গুটিৰে মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে ১৪ বছৰীয়া কিশোৰীক৷গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। নিজ গৃৃহতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেচাৰ-কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত অকলশৰে আছিল কিশোৰীগৰাকী। জানিব পৰা মতে, কিশোৰীগৰাকীৰ নাম ডিম্পল কুমাবট। গুৱাহাটী ক্লাৱৰ স্কুল এঞ্জেলচ অফ গডচৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী পৰিয়ালৰ সৈতে প্ৰায় ১০ বছৰধৰি উজান বজাৰৰ ভাড়াঘৰত আছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰতে অনলাইন ক্লাচত ব্যস্ত আছিল ডিম্পল। আনদিনৰ দৰে পিতৃ-মাতৃয়ে নিজৰ ব্যৱসায়ৰ কামত ওলাই গৈছিল৷ ইফালে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।মৃতদেহৰ ওচৰতে এটি তেজ লগা প্ৰেচাৰ কুকাৰ আৰু তেজ লগা পটাগুটি উদ্ধাৰ হৈছে৷লগতে ঘৰৰ আলমাৰি খোলা অৱস্থাত থকাৰ লগতে কোঠাৰ আচবাব বিশৃংখলভাৱে পৰি থকা দেখা যায়৷দিনদুপৰতে সদা ব্যস্ত অঞ্চল এটিত সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0