Home অন্যান্য খবৰগোলাঘাট জিলাতো আজিৰে পৰা পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ

গোলাঘাট জিলাতো আজিৰে পৰা পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ

by News Desk
64 views
A+A-
Reset

গোলাঘাট, ১ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো আজিৰে পৰা গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে ।

পোষণ মাহ উপলক্ষে আজিৰে পৰা জিলাখনত মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি প্ৰথম সপ্তাহত অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয় প্ৰাংগণ, পঞ্চায়ত কাৰ্যালয়, ৰাজহুৱা স্থান আদিত গছপুলি ৰোপন কৰা হ’ব । দ্বিতীয় সপ্তাহত গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰীসকলক পুষ্টিকৰ খাদ্য যোগানত গুৰুত্ব আৰোপ কৰি পুষ্টিকৰ ৰন্ধন প্ৰকৰণক উৎসাহিত কৰাৰ বাবে ৰন্ধন প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । তৃতীয় সপ্তাহতো পৰিপুষ্টি সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ লগতে গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হ’ব । চতুৰ্থ সপ্তাহত পুষ্টিহীনতাত ভোগা শিশুক চিনাক্ত কৰি পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0