গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজিৰেপৰা গোলাঘাট কোষাগাৰত জমা কৰি ৰখা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লৈছে ।
এই প্ৰক্ৰিয়াত মুঠ ১,১৯৫ টা খড়্গ পৰীক্ষা কৰা হ’ব । ইয়াৰে ১,১৯২ টা গোলাঘাট জিলা কোষাগাৰৰ পৰা আৰু তিনিটা যোৰহাটৰ পৰা অনা হৈছে । এই প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰলৈকে চলিব । বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে ।