Home অন্যান্য খবৰসাপ্তাহিক কেবিনেটত মাজুলীৰ বাবে বহুটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

সাপ্তাহিক কেবিনেটত মাজুলীৰ বাবে বহুটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেস্ক,১২ চেপ্টেম্বৰঃ যোৱা বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক।এই কেবিনেট বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হয় মৌন প্রাৰ্থনা।অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হয় মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব। ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব।মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ।মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান কৰা হয়৷ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ।এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান চলোৱা নহয়।কিন্তু সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ’ব নোৱাৰিব।

চৰকাৰী চাকৰি সন্দৰ্ভতো কেবিনেটত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷এতিয়াৰে পৰা চৰকাৰী চাকৰি মকৰলৰ ক্ষেত্রত পুলিচ ভেৰিফিকেছনৰ প্রয়োজন নহ’ব।প্রাৰ্থীয়ে স্ব-ঘোষণা(চেল্ফ ডিকলাৰেচন) দিব লাগিব।কোনো প্রাৰ্থীয়ে ভুল তথ্য দিলে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব।অনলাইন পদ্ধতিৰে হব নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন৷আধাৰ কাৰ্ডৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিব পাৰিব।
আনহাতে চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ থাকিব।
আন এক সিদ্ধান্ত মতে এতিয়াৰে পৰা দূৰ শিক্ষাৰ ডিগ্রী, ডিপ্ল’মা আদি নিয়মীয়াৰ সৈতে একেই গণ্য কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইড’ল আদিৰ ডিগ্রী, ডিপ্ল’মা একেই বিবেচনা কৰা হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0