ডিজিটেল ডেস্ক, ১৫ ছেপ্টেম্বৰঃনিত্য নতুন ঘোষণাৰে চৰ্চাত থকা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চৰকাৰী কর্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে৷চৰকাৰী কৰ্মচাৰী অৱসৰ গ্রহণৰ দিনাই পেন্সনৰ কাগজ–নথি কর্মচাৰীগৰাকীৰ হাতত তুলি দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই মঙলবাৰে মহানগৰীৰ হাউছফেডস্থিত পেন্সন সঞ্চালকালয়ত উপস্থিত হৈ এখন পর্যালোচনা বৈঠকত মিলিত হয় আৰু পেন্সনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা কৰে৷ অৱসৰ গ্রহণৰ দিনটোতেই পেন্সন লাভ কৰাটো যাতে কর্মচাৰীসকলৰ বাবে নিশ্চিত কৰিব পৰা যায়, তাৰ বাবে “কৃতজ্ঞতা“ শীর্ষক প’র্টেল আৰু এমট্রনৰ “পেন্সন“ প’র্টেল যুক্ত কৰি ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত কোষাগাৰ বিষয়াসকলৰ কার্যালয়ৰ সৈতে পেন্সন সঞ্চালকালয়ৰ ডিজিটেল লিংক স্থাপনৰ ক্ষেত্রত পদক্ষেপ ল’বৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই এমট্রনক নির্দেশ দিয়ে৷
এই পদক্ষেপে পেন্সন প্রদান পদ্ধতিটো কাগজবিহীন আৰু ক্ষিপ্র কৰি তুলিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এমট্রনক প্রত্যেক কার্যালয়ৰ ডিডিঅ’সকললৈ একোটাকৈ স্কেনাৰ যোগান ধৰাৰ বাবে নির্দেশ দিয়া হৈছে,যাৰ জৰিয়তে এগৰাকী অপাৰেটৰে পেন্সনাৰগৰাকীৰ সকলো নথি আপলোড কৰিব৷ পেন্সন সঞ্চালকালয়ে এই নথিসমূহ ডাউনলোড কৰিব আৰু ডিজিটেল স্বাক্ষৰৰ পিছত সেয়া নিষ্পত্তি কৰিব৷ এই পদ্ধতিয়ে কায়িক নথিৰ প্রয়োজনীয়তা নোহোৱা কৰিব আৰু পেন্সন প্রদানৰ দিশটো ক্ষিপ্র কৰি তুলিব৷ অৱসৰ গ্রহণৰ দিনাখনেই এগৰাকী কর্মচাৰীক পেন্সন প্রদান কৰাৰ লক্ষ্যৰে এক পদ্ধতি উপলব্ধ কৰাৰ বাবে বর্তমানৰ চৰকাৰে পেন্সন সঞ্চালকালয়ৰ ছফ্টৱেৰটো আধুনিক কৰিব বিচাৰিছে৷