ডিজিটেল ডেস্ক,১৫ আগষ্টঃ ৰাজ্যত এইবাৰ দূৰ্গা পূজা অনুস্থিত হব৷দূৰ্গাপূজাৰ বাবে এছ অ’ পি ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে৷নতুন এছ অ’ পি মতে পূজা সমিতি সমূহলৈ একাধিক নিয়মৰ কথা কোৱা হৈছে৷
পূজামণ্ডপ-পূজাস্থলীত ল’ব লগা বিশেষ ব্যৱস্থাৱলী সমূহঃ
(১) পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।
(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।
(৪) দৰ্শনাৰ্থীয়ে ক’ভিড প্ৰট’কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।
(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।
আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:
(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা হ’ব লাগিব। এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই (বিষয়ববীয়া, স্বেচ্ছাসেৱক, পূজাৰী বা দৰ্শনাৰ্থী)পূজাৰ কোনো কামৰ লজত জড়িত হ’ব নোৱাৰিব।
(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰিব। অন্যথা অনুমতি দিব নোৱাৰিব।
(৩) কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।
(৪) প্ৰতিখন পূজাস্থলী/পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।
পূজামণ্ডপৰ ভিতৰভাগ আৰু স্বেচ্ছাসেৱকৰ বাবে নিয়মসমূহ:
(১) আয়োজক/পূজা সমিতিসমূহে ক’ভিড প্ৰতিষেধক লোৱা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকক মণ্ডপৰ ভিতৰে-বাহিৰে নিয়োজিত কৰিব লাগিব। দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু ন্যূনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ ক’ভিড বিধি মানি চলাটো স্বেচ্ছাসেৱকসকলে সুনিশ্চিত কৰিব আৰু নিজেও এই বিধি মানি চলিব।
(২) আয়োজকসকলে অঞ্জলি অৰ্পণ, প্ৰসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল ৰক্ষা হোৱাকৈ অতি কম সংখ্যক লোকৰ সৰু সৰু গোটত ভাগ কৰি এনে কাৰ্য সম্পন্ন কৰিব।
৩) মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব।