Home অন্যান্য খবৰবিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰভাষা প্ৰবোধ বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হিন্দী দিৱসৰ সফল সামৰণি

বিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰভাষা প্ৰবোধ বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হিন্দী দিৱসৰ সফল সামৰণি

by News Desk
A+A-
Reset
IMG-20210916-WA0044

News Next One বিশ্বনাথ চাৰিআলি , ১৬ ছেপ্টেম্বৰ : বিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰভাষা প্ৰবোধ বিদ্যালয়ত ১৪ আৰু ১৫ ছেপ্টেম্বৰত দুদিনীয়া কার্যসূচীৰে পালন কৰা হিন্দী দিৱসটি সফলতাৰে সামৰণি পৰে। সম্পূৰ্ণ ক’ভিত প্ৰট’কল মানি বিশ্বনাথৰ জিলাৰ আমবাৰীস্থিত বিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰভাষা প্ৰবোধ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগিতাত আয়োজন কৰা হিন্দী দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন কৰে প্ৰবোধ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ প্ৰভুনাথ সিঙে। পতাকা উত্তোলন স্থলীতে তেওঁক এখন ফুলাম গামোচাৰে আদৰনি জনায় সম্পাদক সন্তোষ কুমাৰ মাহাতুয়ে আৰু কাৰ্যসূচীৰ আঁত ধৰে শিক্ষক সূৰ্যনাৰায়ণ পাণ্ডেই। ইয়াৰ পিছত হিন্দী দিৱসৰ সংগতি ৰাখি প্ৰতিযোগিতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা গীতা বৰ্মায়ে। প্ৰথম দিনাৰ কাৰ্যসূচীত চিত্ৰাংকণ, কবিতা আবৃত্তি, আৰু বক্তৃতা প্ৰতিযোগিতা ৰখা হয় আৰু প্ৰতিযোগিতাত ৫০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিচাৰক হিচাবে অংশ গ্ৰহন কৰে ক্ৰমে ৰূমী প্ৰভা দাস, পুৰ্বি বৰা, সত্য প্ৰকাশ গুপ্তা, সুৰেন্দ্ৰ কুমাৰ সাহানি আৰু সত্য গোপাল পালে । প্ৰতিযোগিতাৰ প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত দ্বিতীয় দিনাৰ কাৰ্যসূচী বিশিষ্ট সমাজসেৱক শংকৰ প্ৰসাদ গুপ্তাই বন্তি প্ৰজ্বলন কৰি মূল সভাৰ শুভাৰম্ভ কৰাৰ পাছত, মূল সভাৰ সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰভূনাথ সিঙে। উপস্থিত অতিথি সকলক উদযাপন সমিতিৰ ফালৰ পৰা একোখনকৈ ফূলাম গামোচাৰে আদৰণি জনোৱাৰ পাছত সভাত উদ্ধোধনী ভাষণ আগবঢ়াই
পূৰ্বোত্তৰ হিন্দী সাহিত্য একাডেমিৰ বিশ্বনাথ জিলাৰ সভাপতি প্ৰেম বিশ্বকৰ্মাই। ইয়াৰ পিছত পৰিচালনা সমিতিৰ সচিব সন্তোষ কুমাৰ মহাতুৱে এই সংস্থানৰ পৰিচয় দাঙি ধৰে। সভাত মুখ্য বক্তা হিচাপে তেজপুৰ মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী আচাৰ্য ড°অঞ্জূ লতাই হিন্দী ভাষাৰ মহত্বৰ ওপৰত বক্তব্য আগবঢ়ায় নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা চাৰিআলি একাডেমীৰ হিন্দী শিক্ষক চন্দ্ৰ লুইটেলেও হিন্দী ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত সৱলীল ভাষাৰে বক্তব্য দাঙি ধৰে। দুয়ো গৰাকী বিশিষ্ট ব্যক্তিক একোখনলৈ প্ৰশস্তি পত্ৰ, উপহাৰ আৰু সমিতিৰ পত্ৰিকাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত শিক্ষাবিধ হৰি উপাধ্যায়, ফাৰ্ম এণ্ড মিছনেৰীৰ সঞ্চালক কে কে নাগেশ্বৰ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু আটায়ে বিশ্বনাথ ৰাষ্ট্ৰ ভাষা প্ৰবোধ বিদ্যালয়ৰ এনে সজ প্ৰচেষ্টাৰ শলাগ লয়। লগতে মেট্টিক আৰু দ্বাদশ শ্রেণীৰ 2021বৰ্ষৰ পৰীক্ষাত হিন্দী বিষয়ত লেটাৰ অংক পোৱা মূঠ 13 জন বিদ্যাৰ্থীক ফূলাম গামোচা, সম্বৰ্দ্ধনা পত্র আৰু উপহাৰে অভিনন্দন জনোৱা হয়|মংগলবাৰে অনুষ্ঠিত চিত্ৰাঙ্কণ, কবিতা আৰু ভাষণ প্ৰতিযোগিতাৰ মূঠ 34 বিজেতাক মেডেল আৰু প্ৰমাণ পত্রৰে পুৰস্কৃত কৰা হয় |

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0