গোলাঘাট, ১৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তই আজি জিলাখনৰ ৭টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি ক’ভিডৰ মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লয় ।
তেওঁ গোলাঘাট নগৰৰ জিলা স্পৰ্টছ কম্প্লেক্সৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পিছত সাংবাদিকৰ আগত কয় যে প্ৰতিজন লোককে দুপালি প্ৰতিষেধক দিয়াতো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ সমাগত দুৰ্গা পূজাত কেৱল মাংগলিক অনুষ্ঠানহে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।