Home অন্যান্য খবৰবিশিষ্ট সমাজকৰ্মী, শিক্ষক শেখৰ মাঝিৰ বিয়োগ= অসম চাওঁতালী সাহিত্য পৰিষদৰ শোক প্ৰকাশ

বিশিষ্ট সমাজকৰ্মী, শিক্ষক শেখৰ মাঝিৰ বিয়োগ= অসম চাওঁতালী সাহিত্য পৰিষদৰ শোক প্ৰকাশ

by News Desk
A+A-
Reset
IMG-20210925-WA0007

News Next One , বিশ্বনাথ চাৰিআলি, ২৫ছেপ্তম্বৰঃ নগাওঁ জিলাৰ চাপানালা চাওঁতালবস্তিৰ নিবাসী বিশিষ্ট সমাজকৰ্মী . শিক্ষক শেখৰ মাঝিৰ ৮০ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ আমনি হাইস্কুলৰ হিন্দী শিক্ষক ৰূপে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়ীত হৈ সমাজ সেৱাত আত্মনিয়োগ কৰিছিল ৷ সাহিত্যৰ চৰ্চাতো তেওঁৰ এক সুনাম আছে ৷ ইতিমধ্যে তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে ৷ বিশেষকৈ চাওঁতাল জনগোষ্ঠীৰ উত্তৰণত বিশেষ ভুমিকা পালন কৰা মাঝিয়ে এচেকা সংগঠনৰ প্ৰতিষ্ঠাপক হিচাবে জড়িত হৈ দক্ষতাৰে সমাজহৈতেষী কামসমুহ কৰি সকলোৰে প্ৰিয়ভাজন হবলৈ সক্ষম হয় ৷ পৰামৰ্শ দাতা , সহজ সৰল মনৰ অধিকাৰী মাঝিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম চাওঁতালী সাহিত্য পৰিষদে ৷ বিশেষকৈ চাওঁতাল সমাজৰ বাবে তেওঁৰ মৃত্যু অপুৰণীয় ক্ষতি বুলি অভিহিত কৰিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ চৰেণে ৷ এগৰাকী সাহিত্যনুৰাগীক হেৰুৱালো বুলি গভীৰ ভাবে শোক প্ৰকাশ কৰা পৰিষদৰ উপসভাপতি ভোলানাথ মাঝি কাৰ্যকৰী সভাপতি গেব্ৰিয়েল মুৰ্মু , প্ৰধান সম্পাদক ৰমেশ চন্দ্ৰ চৰেণ , সহকাৰী সম্পাদক স্বপন হাসদা সহ কেইবাগৰাকী বিষয়ববীয়াই শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0