ডিজিটেল ডেস্ক,২৬ চেপ্টেম্বৰ:আজি নিশাৰ পৰা সাগৰীয় ঘূৰ্ণিবতাহ “গুলাবে“ খুন্দিয়াব উৰিষ্যাত৷ইয়াৰ প্ৰভাৱত অসম তথা উত্তৰপূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ইতিমধ্যেই ঘূৰ্ণিবতাহ ‘গুলাব’ৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ২ জন মাছমৰীয়াই আৰু ১জন সন্ধানহীন হৈ আছে৷
ভাৰতীয় বতৰ বিভাগে জানিবলৈ দিয়া মতে, ধুমুহাই উপকূলক বৰ্তমানেও কোবাই আছে। তিনি ঘণ্টাৰ ভিতৰত ই কলিঙ্গপত্তনমৰ পৰা ২৫ কিলোমিটাৰ উত্তৰে উপকূলৰ মাজেৰে পাৰ হ’ব। খবৰ অনুসৰি, ছজন মাছমৰীয়াই দুদিন আগতে নতুন নাও এখন কিনি ওড়িশাৰ উভতি আহি থকা সময়ত ধুমুহাৰ কবলত পৰে। ইয়াৰে ৩জনৰ মৃত্যু হয় যদিও আন ৩জন মাছমৰীয়া সুৰক্ষিত আছে।