Home অন্যান্য খবৰঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান

ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান

by News Desk
A+A-
Reset
IMG-20210930-WA0028

গোলাঘাট, ৩০ ছেপ্টেম্বৰঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোট, গোলাঘাটৰ উদ্যোগত বি চি (বিজনেছ কৰেছপণ্ডেণ্ট) সখীসকলক আই আই বি এফ (ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স) প্ৰমানপত্ৰ, আত্মসহায়ক গোটক ঋণৰ অনুমোদন পত্ৰ আৰু অসমী গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত দুখন বাহন প্ৰদান কৰা হয় । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে কয় যে আত্মসহায়ক গোটসমূহ কেৱল ৰাজ্যৰ অৰ্থনীতিৰ সৈতে জড়িত নহয়, বৰং এই গোটসমূহ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিচয়স্বৰূপ । তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক কেৱল চৰকাৰৰ পৰা লাভ কৰা ঋণ নিজৰ মাজতে ভগাই নলৈ এই ধন বিনিয়োগ কৰি নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবৰ বাবে আহ্বান জনায় । তেওঁ গাঁৱৰ মহিলাসকলক পশুপালনৰ প্ৰতি আগ্ৰহী হ’বলৈয়ো কয় । শ্ৰী ফুকনে কয় যে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ হ’লে নিজৰ চিন্তা-চৰ্চাক সুদূৰপ্ৰসাৰী কৰিব লাগিব যাতে বজাৰত অসমীয়া মহিলাই উৎপাদন কৰা সামগ্ৰীৰ ব্ৰেণ্ডৰ সৈতে মানুহ পৰিচিত হৈ পৰে । প্ৰতিগৰাকী নাৰীয়ে স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ় দিব পাৰিলেহে নাৰী সবলীকৰণৰ ভেঁটি শক্তিশালী হ’ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই কয় যে খণ্ড উন্নয়ন বিষয়াসকলে প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰৰ দিন দুটাৰ একোটা নিৰ্দিষ্ট সময় আত্মসহায়ক গোটসমূহক দিয়া উচিত । গোটৰ মহিলাসকলক বিভিন্ন ক্ষেত্ৰত দিহা-পৰামৰ্শ দি সহায় আগবঢ়োৱাটো খণ্ড উন্নয়ন বিষয়াসকলৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে । আত্মসহায়ক গোট গঠনৰ প্ৰক্ৰিয়াটোক এটা আন্দোলন বুলি উল্লেখ কৰি তেওঁ কয় যে এই আন্দোলন সফল হ’লেহে গ্ৰাম্য অৰ্থনীতি সবল হ’ব । আত্মসহায়ক গোটসমূহক খণ্ড উন্নয়ন বিষয়াসকলে হাতত ধৰি আগবঢ়াই লৈ যাব লাগিব বুলি তেওঁ মতপ্ৰকাশ কৰে ।

আজিৰ অনুষ্ঠানতে ৯৫ গৰাকী বি চি সখীক আই আই বি এফ প্ৰমানপত্ৰ, ৮টা আত্মসহায়ক গোটক ৫লাখ টকাকৈ ঋণৰ অনুমোদন পত্ৰ, গোলাঘাট ছাউথ ব্লকৰ মিলনজ্যোতি আত্মসহায়ক গোট আৰু মৰঙি উন্নয়ন খণ্ডৰ উষা আত্মসহায়ক গোটক দুখন বাহন আৰু দুগৰাকী বি চি সখীক অনলাইন লেনদেন কৰিব পৰা মৰফ’ ডিভাইছ প্ৰদান কৰা হয় ।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0