Home অন্যান্য খবৰশাৰদীয় দাচাই পৰবৰ উপলক্ষ্যত নতুন ভিডিঅ এলবাম “কামৰু গুৰু অসম ২০২১” শুভমুক্তি পথত

শাৰদীয় দাচাই পৰবৰ উপলক্ষ্যত নতুন ভিডিঅ এলবাম “কামৰু গুৰু অসম ২০২১” শুভমুক্তি পথত

by News Desk
A+A-
Reset
IMG-20211009-WA0007

News Next One , বিশ্বনাথ চাৰিআলি
৯ অক্টোবৰঃ অসমৰ অষ্টিক গোষ্ঠীৰ অনাৰ্যবংশোদ্ভৱ ভুমিপুত্ৰ চাওঁতাল সকলৰ পুৰ্বজ তথা বীৰ পুৰুষ হুদুড়দুৰ্গা (মহিষাসুৰ)ক অন্যায়ভাবে নানান কুট- কৌশল আৰু চক্ৰান্তৰে আৰ্যদেবীয়ে হত্যা কৰা কাৰ্যক সহজে মানি লব নিবিচৰা চাওঁতাল সকলে অভিনৱ ভাবে অন্যায়ৰ বিৰুদ্ধাচৰণ কৰি যুগে যুগে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ চল চাতুৰী কুটনীতিৰে হত্যা কৰা এই অমানৱীয়তাক জবাবদিহি কৰাৰ মানসেৰে আৰ্যদেৱীক কেওঁদিশে বিচাৰি গৈছিল চাওঁতাল সকল ৷ সময়ে সময়ে আৰ্যদেৱীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল ৷ দুখ আৰু বেদনাত আৰ্তনাদ কৰি ফুৰিছিল চাওঁতাল সকলৰ দলটোৱে ৷ হুদুড়দুৰ্গা (মহিষাসুৰ)ক হেৰোৱাৰ বিৰহ বেদনালৈ কেতিয়াবা কাতৰভাবে ৰোদন কৰিছিল ৷ আৰু কেতিয়াবা ক্ষোভ অভিমানেৰে স্বাভিমানী চাওঁতাল সকলে আৰ্যদেৱীৰ অন্যায়ৰ প্ৰতিশোধ কল্পে যুদ্ধংদেহী ৰূপ লৈ পৰশু , দন্ড তথা নানাবিধ বাদ্য লৈ শাৰদীয় ক্ষণত বিপ্লৱ স্বৰূপ দাচাই নৃত্যৰে ক্ষোভৰ অগণি প্ৰশমিত কৰাৰ চেষ্টা কৰিছিল ৷ বিৰহ বেদনা ক্ষোভ মিশ্ৰিত ৰোদনেই গীতৰ বৰ্হিপ্ৰকাশ ঘটা দাচাই নৃত্য গীত এক প্ৰতিবাদৰ ভাষা ৰূপেই বিবেচিত হয় ৷ প্ৰতি বছৰে পালন কৰি অহা দাচাই নৃত্যই আৰ্যৰ বিৰুদ্ধে অনাৰ্যৰ শীতল বিপ্লৱৰ এক তাৎপৰ্য বহন কৰিছে ৷ পৰৱৰ্তী সময়ত একতাৰ প্ৰতিকী ৰূপে শোক , দুখ আৰু বেদনাৰে ভৰা চাওঁতাল সকলৰ দাচাই পৰ্বলৈ পৰিবৰ্তন হয় ৷ এনে পৰম্পৰা ৰক্ষা কৰিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লক্ষীধৰ হাসঁদা (এল.ডি হাসদা)ৰ প্ৰচেষ্টাত কণ্ঠশিল্পী ভিক্টৰ লাক্ৰাৰ পৰিছালনাত দাচাই গীত নৃত্যক নতুন ৰূপত সজাই পৰাই ৰাইজৰ বাবে আগবঢ়াব “কামৰু গুৰু অসম ২০২১” নামেৰে এক নতুন ভিডিঅ এলবাম ৷ ইতিমধ্যে গীতসমুহ বাণীবদ্ধ সম্পুৰ্ণ হৈছে ৷ গীতটিৰ ৰচনা আৰু সুৰ সংযোজন কৰে এল.ডি হাসঁদাই ৷ কণ্ঠশিল্পী ষ্টীফান টুডুৰ সুললিল সুৰে দাচাই গীত হ্ৰদয়স্পৰ্শী হোৱা বুলি “কামৰু গুৰু অসম ২০২১ “এলবাম মেনেজমেণ্টে জানিব দিয়ে ৷ ইতিহাস প্ৰসিদ্ধ শোণিতপুৰ জিলাৰ প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা ব্ৰক্ষ্মপুত্ৰ নদীৰ মাজত চুটি পাহাৰত ভিডিঅ সম্পাদনা কাৰ্য সম্পন্ন হয় ৷ এলবামটিৰ মুখ্য চৰিত্ৰত এল.ডি হাঁসদাই অভিনয় কৰাৰ বিপৰীতে নায়িকা চৰিত্ৰত নিৰ্মালী চৰেণে সুন্দৰকৈ নিজৰ অভিনয়ৰে এলবামটিৰ বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয় ৷ ভৈৰান্তুৰী দাচাই নৃত্যৰ দলে আকৰ্ষণীয় দাচাই নৃত্য প্ৰৰ্দশন কৰে ৷ অসমত প্ৰথম বাৰ বাসন্তী হাসঁদা আৰু জতন মুৰ্মুৰ দ্বাৰা নিৰ্মিত এলবামটি দাচাই নৃত্যক সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ অসমবাসী ৰাইজৰ মৰম তথা বিপুল সমাদৰ লাভ কৰিব বুলি চৰ্চাও হয় ৷ অহা ১১ অক্টোবৰত মুক্তি পাবলগা এলবামটি L.D Hasda youtube চেনেলত ত উপলব্ধ হব বুলি এলবাম মেনেজমেণ্টে জানিব দিয়ে ৷ ৰাইজে L.D Hasda youtube চেনেলত ভিডিঅ এলবামটি উপভোগ কৰিব পাৰিব ৷ লগতে আনকো উপভোগ কৰাৰ সুবিধা দি চেনেলটিক চাবক্ৰাইব, চেয়াৰ, লাইক, কমেণ্ট দিবলৈ অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাঁসদাই ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0