বিশেষ প্ৰতিবেদনঃ মূল্যবৃদ্ধিৰ লগতে ক্ষুধাৰ জুয়েও দহিছে দেশ। ফলত বৃহস্পতিবাৰে প্ৰকাশ পোৱা Global Hunger Index অৰ্থাৎ বিশ্ব ক্ষুধা সূচকৰ তালিকাত আৰু অৱনমিত হৈছে ভাৰত। চলিত বৰ্ষত Global Hunger Indexত বিশ্বৰ ১১৬খন দেশৰ ভিতৰত ভাৰতে লাভ কৰিছে ১০১ নম্বৰ স্থান। ২০২০ চনত এই তালিকাত ভাৰত আছিল ৯৪ নম্বৰত। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ তালিকাত ভাৰতক অতিক্ৰমি আগুৱাই গৈছে চুবুৰীয়া পাকিস্তান, বাংলাদেশ আনকি নেপালৰ দৰে দেশো। আনহাতে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ চীনে এই তালিকাত আছে শীৰ্ষ স্থানত।
ইফালে, শুকুৰবাৰে Global Hunger Indexক ক্ৰুটিপূৰ্ণ আৰু চকু কপালত উঠা বিধৰ বুলি মন্তব্য কৰিছে ভাৰত চৰকাৰে। যি পদ্ধতিৰে Global Hunger Index নিৰ্ধাৰণ কৰা হয় সেয়া বিজ্ঞানসন্মতভাৱে কৰা হোৱা নাই বুলিও দাবী কৰিছে কেন্দ্ৰ চৰকাৰৰ এক সূত্ৰই। যিসকল প্ৰতিনিধিয়ে Global Hunger Index নিৰ্ণয়ৰ বাবে ভাৰতত সমীক্ষা চলাইছিল সেইসকলক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে।