কোকৰাঝাৰঃ পুনৰ ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ কোকৰাঝাৰ ডিটেনচন কেম্পত আৰু ৰশ্মিনাৰা চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত আজি পৃথকে পৃথকে উপস্থিত হ’ল কংগ্ৰেছ আৰু এআইইউডিএফৰ একাংশ বিধায়ক।
বিদেশী ন্যায়াধিকৰণে গোৱালপাৰাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ডৰ মণিৰুল ইছলামৰ অন্ত:সত্বা পত্নী ৰশ্মিনাৰা বেগমক বিদেশী বুলি ঘোষিত কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ চালান দিয়াৰ পিছৰে পৰা ৰাজনৈতিক নেতাসকল ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ সঘনে কোকৰাঝাৰ ডিটনচন কেম্পলৈ আগমন ঘটিছে ।