গুৱাহাটীঃ পত্নীপ্ৰেম! পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখন। ভূমি কেলেংকাৰী আৰু চাইনিজ পিপিই কিটৰ পিছত এইবাৰ পোহৰলৈ আহিছে পিপিই কিট কেলেংকাৰিৰ আন এক অধ্যায়। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান The Wireৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়াৱহ কেলেংকাৰীৰ কথা। ‘ক্ৰছ কাৰেণ্ট’ নামৰ ৰাজ্যৰ এটি ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ সৈতে চলোৱা যুটীয়া অনুসন্ধানৰ অন্তত The Wire-এ প্ৰকাশ কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ অনিয়মৰ বহু গোপন তথ্য।
কি আছে এই প্ৰতিবেদনত?