Home দেশ‘INDIA’ নাম প্ৰত্যাহাৰ কৰিবলৈ হঠাৎ কিয় ইমান খৰখেদা মোদী চৰকাৰৰ?

‘INDIA’ নাম প্ৰত্যাহাৰ কৰিবলৈ হঠাৎ কিয় ইমান খৰখেদা মোদী চৰকাৰৰ?

by News Desk
A+A-
Reset
india-name-change

এলাহাবাদ গৈ প্ৰয়াগৰাজ হ’ল, মোগলচৰাই গৈ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ হ’ল, এইবাৰ ‘ইণ্ডিয়া’ৰ সলনি হ’বগৈ ভাৰত!- এনে এক জল্পনা কল্পনাই এতিয়া আৰম্ভ হৈছে সমগ্ৰ দেশত। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আৰু জনবহুল দেশখনৰ ইংৰাজী চৰকাৰী নাম সলনি কৰি ‘ভাৰত’  কৰাৰ পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অধিবেশনত দেশখনক পুনৰ প্ৰাচীন নামেৰে নামকৰণৰ বাবে সংসদত প্ৰস্তাৱ আগঢ়োৱাৰ পৰিকল্পনা কৰা বুলি ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইট কৰি দেশৰ নাম সলনিৰ এক ইংগিত প্ৰদান কৰিছে। 

অৱশ্যে কেন্দ্ৰীয় চৰকাৰ এই পদক্ষেপক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। বিৰোধী দলসমূহে দেশৰ নাম সলনি কৰিব বিচৰা কাৰ্যক লৈ সমালোচনাত সৰৱ হৈ পৰিছে। বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বিৰোধী মিত্ৰজোঁটৰ নামৰ শ্বৰ্ট ফৰ্ম I.N.D.I.A হোৱা বাবেই মোদী চৰকাৰে ভয় খাই দেশৰেই ইংৰাজী নাম সলনি কৰিবলৈ লৰা-ঢপৰা লগাইছে। বিৰোধীয়ে বিজেপিয়ে ধৰ্ম নিৰপেক্ষ হিচাপে পৰিচিত বৈচিত্ৰ্যময় ভাৰতত নিজৰ হিন্দু জাতীয়তাবাদী মতাদৰ্শ জাপি দিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে। কিন্তু সঁচাকৈয়ে ভাৰতৰ ইংৰাজী নাম ‘ইণ্ডিয়া’ সলনি কৰাতো সম্ভৱ হ’বনে? দেশৰ এটা নতুন নাম সমগ্ৰ বিশ্বই আঁকোৱালি ল’বনে? তাক লৈও অনেকৰ মনত উদ্ৰেক ঘটিছে প্ৰশ্নৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0