বিশেষ প্ৰতিবেদনঃ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল এখন ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী! অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুক ৰাজ্যখনৰ দক্ষতা বিকাশ বিভাগত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাজ্যখনৰ নন্দিয়াল জিলা ভ্ৰমণৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পাছতে বিশাখাপট্টনমত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাইডু চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গন্তা শ্ৰীনিবাস ৰাওকো। টিডিপিৰ অধ্যক্ষ নাইডুক গ্ৰেপ্তাৰৰ পিছত তেওঁৰ সমৰ্থক আৰু অধিবক্তাই আৰক্ষীৰ সৈতে সামান্য মতযুদ্ধতো লিপ্ত হয়। দলৰ নেতা-সদস্যই এই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।