সংসদৰ বিশেষ অধিৱেশনৰ সেইদিনা আছিল চতুৰ্থ দিন। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সদনত নিজৰ মতামত ৰাখিবলৈ থিয় হৈছিল উত্তৰ প্ৰদেশৰ আমৰোহা সংসদীয় সমষ্টিৰ বহুজন সমাজ পাৰ্টীৰ সাংসদ দানিশ আলী। অলপতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সম্ভৱ কৰা চন্দ্ৰযান-৩ৰ সফল চফ্ট লেণ্ডিঙৰ বাবে ইছৰ’ৰ বিজ্ঞানীসকলক ধন্যবাদ জনাই দানিশ আলীয়ে আৰম্ভ কৰে তেওঁৰ ভাষণ।
ভাষণৰ মাজতে তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে বিজ্ঞানৰ ভেটি গঢ়িবলৈ কৰা প্ৰচেষ্টাক সুঁৱৰি কয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ আটাইতকৈ ভাগ্যৱান প্ৰধানমন্ত্ৰী। পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে ৰোপণ কৰা বীজৰ ফচল কাটি আজি প্ৰধানমন্ত্ৰীয়ে নিজে কৃতিত্ব ল’ব বিচাৰিছে বুলিও মন্তব্য কৰে দানিশ আলীয়ে। লোকসভাৰ মজিয়াত সাংসদগৰাকীয়ে এই প্ৰশ্নও উত্থাপন কৰে যে ইছৰ’ৰ বাবে অনুমোদিত বাজেট এই বৰ্ষত কিয় ৮ শতাংশ হ্ৰাস কৰা হৈছে?