Home দেশবিদ্ৰোহী কিশোৰৰ পৰা ‘জাতিৰ জনক’! প্ৰভাৱশালী এক সাম্ৰাজ্যৰ পতনৰ আঁৰৰ নায়কৰ কাহিনী…

বিদ্ৰোহী কিশোৰৰ পৰা ‘জাতিৰ জনক’! প্ৰভাৱশালী এক সাম্ৰাজ্যৰ পতনৰ আঁৰৰ নায়কৰ কাহিনী…

by News Desk
A+A-
Reset
gandhi-rup

১৯৪০ চন৷ বেলি মাৰ নোযোৱা এক সাম্ৰাজ্য পৰাজিত হৈছিল বগা সাধাৰণ পোছাক পৰিহিত এজন ব্যক্তিৰ কাষত৷ তেঁৱেই মোহনচান্দ কৰমচান্দ গান্ধী, মহাত্মা গান্ধী হিচাপেই তেওঁ অত্যাধিক পৰিচিত৷ মহাত্মা যাৰ অৰ্থ ‘মহান আত্মা’৷ সেই সময়ত ভাৰত ব্ৰিটিছ শাসনৰ অধীনত৷ পৃথিৱীৰ বহু দেশ তেতিয়া ব্ৰিটিছ ঔপনিবেশিক শাসনৰ অধীনত আছিল৷ প্ৰজ্ঞাৰ অধিকাৰী ৰাজনৈতিক কৰ্মী হিচাপে গান্ধীয়ে ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতা আৰু দুখীয়া মানুহৰ অধিকাৰৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল৷ তেওঁৰ অহিংস আন্দোলনৰ কথা আজিও বিশ্বত চৰ্চা হয়৷ ১৫৪ সংখ্যক জন্মবাৰ্ষিকীত দেশবাসীয়ে আজি মহাত্মাক সুঁৱৰিছে, বহুজনেই তেওঁৰ জীৱনৰ অজানা কথাসমূহ জানিবলৈ আগ্ৰহীও হৈ উঠিছে৷ 
 
অভিজাত পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম

১৮৬৯ চনৰ ২ অক্টোবৰত ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ৰাজকীয় প্ৰাদেশিক এলেকা পোৰবন্দৰত মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম৷ তেওঁৰ অভিজাত পাৰিবাৰিক ঐতিহ্য হৈছে তেওঁৰ পিতৃ আছিল পোৰবন্দৰৰ ৰজাৰ ৰাজসভাৰ মন্ত্ৰী৷ তেওঁৰ মাতৃ আছিল এগৰাকী অত্যন্ত ধাৰ্মিক মহিলা, যিয়ে পুত্ৰক শিকাইছিল দৃঢ় হিন্দু নৈতিকতাৰ কথা৷ নিৰামিষ ভোজন, ধৰ্মীয় সহনশীলতা, সহজ-সৰল জীৱন যাপন আৰু অহিংসাৰ কথা মাতৃয়েই শিকাইছিল মোহনচান্দক৷
 
পিতৃৰ মৃত্যুৰ সময়ত কিয় উপস্থিত নাছিল মোহনচান্দ?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0