Home দেশকৰ্ণাটকৰ পুনৰাবৃত্তিত ব্যৰ্থ কংগ্ৰেছ! ২০২৪ৰ ফাইনেলত বাট মুকলি হ’ল নেকি বিজেপিৰ?

কৰ্ণাটকৰ পুনৰাবৃত্তিত ব্যৰ্থ কংগ্ৰেছ! ২০২৪ৰ ফাইনেলত বাট মুকলি হ’ল নেকি বিজেপিৰ?

by News Desk
A+A-
Reset
semi-election

২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ মোদী মেজিকৰ সংকেত! আজি ঘোষণা হোৱা ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত তিনিখন ৰাজ্যতে পুনৰ বিজেপিৰ জয়ে ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বতাহ কাৰ দিশে বলাৰ সম্ভাৱনা আছে, সেয়াই যেন স্পষ্ট কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতেও চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ২০২৪ৰ বাবে মনোবল অধিক বৃদ্ধি কৰিব বিজেপিৰ। আনহাতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতে  বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ভিতৰতে সৃষ্টি হৈছে বাক-বিবাদৰ।

দেওবাৰে ঘোষণা হ’ল মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাৰ দৰে হিন্দীভাষী ৰাজ্যৰ নিৰ্বাচনী ফলাফল। যিহেতু মিজোৰামৰ নিৰ্বাচনী ফলাফল এদিন পিছুৱাই দিয়া হৈছে। অহা ৪ নৱেম্বৰ অৰ্থাত্ সোমবাৰে ঘোষণা কৰা হ’ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল। মধ্যপ্ৰদেশৰ ২৩০খন, ৰাজস্থানৰ ১৯৯খন আৰু ছত্তীশগড়ৰ ৯০খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হৈছিল প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা। অন্যহাতে তেলেংগানাৰ ১১৯খন আসনত বি আৰ এছ আৰু কংগ্ৰেছৰ মাজত আছিল পোনপটীয়া প্ৰতিদ্বন্দ্বিতা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0