সময় চমু চাপি আহিছে। মাজত আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে উলহ মালহেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰেই কৰা হ’ব ৰাম মন্দিৰৰ অভিষেক। বিগত কেইবাদশক ধৰি ধৰ্মীয় আৰু ৰাজনীতিক বিষয় হিচাপে পৰিগণিত হৈ অহা ৰাম মন্দিৰ নিৰ্মাণৰ কৃতিত্বও প্ৰধানমন্ত্ৰীকে প্ৰদান কৰিছে বিজেপি আৰু হিন্দুত্ববাদী সংগঠনসমূহে। আনকি ৰাম মন্দিৰ নিৰ্মাণ কৰা নৰেন্দ্ৰ মোদীক ‘ভগৱান ৰামৰ অৱতাৰ’ বুলিও বিজেপি নেতাৰ দ্বাৰা অভিহিত কৰা হৈছে।
২২ জানুৱাৰীত অযোধ্যাত অভিষেক কৰা হ’ব ৰাম মন্দিৰৰ। ইতিমধ্যে এই অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ৭ হাজাৰ গৰাকী অতিথিক, যাৰ ভিতৰত আছে ৩ হাজাৰ গৰাকী ভিআইপি অতিথিও। অভিষেকৰ দিন ওচৰ চাপি অহাৰ লগে লগে এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কোনে অংশগ্ৰহণ কৰিব, কোনে নকৰে তাক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে।