”মোদী চৰকাৰৰ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিছে আৰু উন্নয়নৰ ফল জনতাই প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ যে আমাৰ চৰকাৰখনে নিজৰ অসাধাৰণ কৰ্ম দক্ষতাৰে জনতাক অধিক সেৱা প্ৰদান কৰিব পাৰিব।’’ বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশনত এইদৰেই ভাষণৰ আৰম্ভণি কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰায় এক ঘণ্টাৰ বাজেট ভাষণত মোদী চৰকাৰৰ বিগত ১০ বছৰৰ সাফল্যৰ ৰূপৰেখা দাঙি ধৰি সীতাৰমণে কয়, ”আগন্তুক ২৫ বছৰ আমাৰ বাবে কৰ্তব্যৰ সময়।’’
সংসদত বৃহস্পতিবাৰে দাখিল কৰা বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আগন্তুক পাঁচ বছৰত দেশ অভূতপূৰ্ব বিকাশৰ সাক্ষী হ’ব। সংসদত একেৰাহে ষষ্ঠবাৰৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ১০ বছৰত “বৃহৎ প্ৰত্যাহ্বান” অতিক্ৰম কৰিছে।